Welcome Messages

জাতিবিহীন , শ্রেনীবিহীন সমাজ প্রতিষ্ঠা তথা দুখীয়া আৰু নির্যাতিত   লোকসকলৰ মঙ্গলার্থে কর্মত ব্রতী হোৱা ভাৰতৰ মহান ব্যক্তি ড ভীমৰাও আম্বেদকাৰৰ  নামেৰে নামাঙ্কিত তথা Destiny Welfare Society ৰ এচাম উদ্যমী সদস্যৰ সুস্থ চিন্তাৰ সবল ফলশ্রুতি আম্বেদকাৰ একাডেমী এয়া ৫ম বছৰ।  কোৱা  বাহুল্য যে মহাবিদ্যালয় কর্তৃপক্ষ শিক্ষক-শিক্ষয়িত্ৰী আৰুঅভিভাৱকৰ সমন্বয়েৰে ছাত্রছাত্রীসকলক দিয়া শৈক্ষিক বাতাবৰণ আমাৰ অনুষ্ঠানৰ উৰ্বৰ ক্ষেত্ৰ।কলা আৰুবাণিজ্য শাখাৰ ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাবে সাজু কৰাৰ লগতে সময়ােপযােগী অধ্যয়ন আৰু এচাম উৎসর্গীকৃত মনােভাবাপন্ন শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা শিক্ষা প্রদান আমাৰ গােপন মন্ত্র -যাৰবাবে নিচেইকম সময়তে অনুষ্ঠানখনে হয়তাে সমগ্রৰপেটা অঞ্চলতে এক শৈক্ষিক পৰিবেশ গঢ়ি তােলাত অগ্রণী ভূমিকা ল’বলৈ সক্ষম হৈছে। সম্মানীয় অভিভাৱকসকললৈ আমাৰ বিনম্ৰ অনুৰােধ —+২ স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলক অন্তত দটি বছৰৰ বাবে আমাৰ মহাবিদ্যালয়তনামভৰ্তিকৰাই তেওঁলােকৰ অলেখ আশা আৰু অযুত সুন্দৰ ভৱিষ্যতৰ সপােন বাস্তৱতৰূপায়িত কৰাৰ ভেটি শক্তিশালীকৰাৰ লগতে শিক্ষানুষ্ঠানখনৰ উত্তৰণৰ দিশত সহায়-সহযােগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত আমাক বিমুখ নকৰে যেন।।

পুনৰ দোহাৰিছোঁ, কলা আৰু বাণিজ্য শাখাত গুণগত মান সম্পন্ন পাঠদান। আৰু পাঠ গ্ৰহণৰ এক সুস্থতথা অনুকূল পৰিবেশ এইখন শিক্ষানুষ্ঠানত আছে।। আম্বেদকাৰ একাডেমিলৈ আপােনালােক সকলােকে স্বাগতম জনালোঁ।

 

শ্রীযুত হীৰেন্দ্ৰ নাথ শৰ্মা

অধ্যক্ষ আম্বেদকাৰ একাডেমি, বৰপেটা ফোন নংঃ94354-80131