Procedure

নামভৰ্তিকৰণ প্রক্রিয়া ।

১। আম্বেদকাৰ একাডেমি কর্তৃপক্ষই জাৰি কৰা জাননীত উল্লেখ কৰা দিন অনুযায়ী ছাত্র-ছাত্রীৰ।

নামভৰ্তিকৰণ প্রক্রিয়া অনুষ্ঠিত হ’ব। নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে নির্ধাৰিত প্ৰ-পত্ৰৰ জৰিয়তে আবেদন কৰিব লাগিব। আবেদন প্ৰ-পত্ৰৰ লগত উত্তীর্ণ হােৱা পৰীক্ষাৰ মূল নম্বৰ তালিকা, প্রৱেশ-পত্র, এৰি অহা শিক্ষানুষ্ঠানৰ মূৰব্বীয়ে দিয়া প্রমাণ-পত্ৰ সমূহৰ ফটোকপি (Xerox Copy)

আৰু পাছপাের্ট আকাৰৰ শেহতীয়া ফটো এক কপি আঁথি দিব লাগিব।

২। নামভৰ্ত্তি মেধাৰ ভিত্তিত হ’ব। নামভৰ্ত্তিৰ বাবে হােৱা সাক্ষাৎকাৰত প্ৰাৰ্থীয়ে নিজে উপস্থিত

থাকিব লাগিব আৰু তেওঁ উত্তীর্ণ হােৱা পৰীক্ষাৰ মূল নম্বৰ তালিকা, প্ৰৱেশ-পত্ৰ আৰু এৰি

অহা শিক্ষানুষ্ঠানৰ মূৰব্বীয়ে দিয়া প্রমাণ-পত্র প্রদর্শন কৰিব লাগিব।

৩। নামভৰ্তিকৰণৰ আগৰ কালছােৱাত কোনাে কাৰণত প্ৰাৰ্থীয়ে অধ্যয়নৰপৰা বিৰত থাকিলে বিৰতিৰ

কাৰণ দর্শাই সংশ্লিষ্ট কর্তৃপক্ষৰপৰা শিক্ষা বিৰতি সন্দৰ্ভত প্রমাণ-পত্র (Gap Certificate) দাখিল

কৰিব লাগিব।

পূর্বৰ অনুত্তীর্ণ ছাত্র-ছাত্রীৰ নামভৰ্ত্তি ঃ।

১। কোনাে শ্ৰেণীত আসন খালী থাকিলে পূর্বৰ অনুত্তীর্ণ ছাত্র-ছাত্ৰীক নিয়মীয়া ভৰ্তিকৰণৰ বাবে
বিবেচনা কৰা হ’ব।
২। অনুত্তীর্ণ ছাত্র-ছাত্রীয়ে পৰীক্ষাত বহিব খুজিলে পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ আগতে অধ্যক্ষৰ জননী মর্মে নিদ্ধাৰিত মাচুল জমা দি অনুমতি ল’ব লাগিব।
ব্যৱহাৰিক বিষয় (Practical sub.. থকা ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ তিনিমাহ আগতেই সাময়িক শিক্ষার্থী (Casual Student) হিচাপে
নামভৰ্তি কৰি নিয়মীয়া হ’ব লাগিব।

আসন সংৰক্ষণ ব্যৱস্থা ।

১। অনসূচিত জাতি, ভৈয়াম জনজাতি, পার্বত্য জন-জাতি, অন্যান্য পিছপৰা তথা অধিক অন্যান্য

পিছপৰা শ্ৰেণী আৰু প্রতিবন্ধী বিদ্যার্থীৰ বাবে বিধি অনুসাৰে যথাক্রমে ৭%, ১০%, ৫%, ।

১৫ %, আৰু ৩ % আসন সংৰক্ষণৰ ব্যৱস্থা আছে।

২। ক্রীড়া, সংস্কৃতি ইত্যাদি সহঃপাঠ্যক্রমিক দিশত বিশেষ পাৰদৰ্শিতা থকা ছাত্র-ছাত্রীৰ বাবেও

আসন সংৰক্ষণৰ ব্যৱস্থা আছে।। ৩। আর্থিকভাৱে দুর্বল অথচ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক বিশেষ সুবিধা প্রদান কৰা হ’ব।।

আসনৰ সংখ্যা সীমিত হােৱা বাবে আসন সংৰক্ষণৰ সুবিধা ল’ব খােজা ছাত্ৰ-ছাত্ৰীয়ে। উপযুক্ত কর্তৃপক্ষৰপৰা আৱশ্যকীয় প্রমাণ-পত্র দাখিল কৰিব লাগিব।