About Us

আমাৰ দেশৰ সংবিধান প্রণেতা ড° ভীমৰাও আম্বেদকাৰ দেৱৰ আদৰ্শৰে অনুপ্রাণিত হৈবৃহত্তৰ বৰপেটাৰ সমাজ জীৱনত নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ গঢ় লৈ উঠিছে Destiny Welfare Society, Bapetaনামৰ এটি স্বেচ্ছাসেৱী সংস্থা— যাৰ মুখ্য উদ্দেশ্য হৈছে গুণগত শিক্ষাৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰা। এই উদ্দেশ্যকে ফলৱতী কৰিবলৈ নৱপ্ৰজন্মৰ যুৱ সমাজক, বিশেষকৈ উচ্চতৰ মাধ্যমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক, মানসিক আৰু চাৰিত্ৰিক দিশৰ উৎকর্ষ সাধনৰ পূৰ্ণ প্ৰয়াসৰ প্ৰতিশ্ৰুতিৰে গঢ়ি তােলা হৈছে আম্বেদকাৰ একাডেমি 

“If you want to leave your footprint

On the sands of the time Do not drag your feet.”

ভাৰতৰ মিছাইল মানৱ বুলি খ্যাত তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্রপতি ড০ এ.পি. জে. আব্দুল কালাম এইষাৰ উক্তি যেন আমাৰ সকলােৰে বাবে এক মহান বাণী। সঁচাকৈয়ে আমি যদি আমাৰ পদ যুগলৰ চিহ্ন সময়-বালিত থৈ যাব খােজো, তেন্তে আমি সুস্থ-সবল ভাৱে মেৰুদণ্ড পােন কৰি থিয় হৈ খােজ কাঢ়িব লাগিব, চোচৰাই নহয়।।

কিন্তু অতি চিন্তনীয় বিষয়টোৱে হৈছে আমি আজি যিখন সমাজত বাস কৰিছাে তাত মানৱীয় প্ৰমূল্য বােধৰ সর্বত্রে স্খলন ঘটিছে। ভােগসর্বস্ব সমাজখনত ইজনৰ প্ৰতি সিজনৰ আন্তৰিকতা, সহৃদয়তা, পৰােপকাৰিতা আদি গুণবােৰ যেন ক্ৰমাৎনাইকিয়া হ’বলৈ ধৰিছে। এচাম পিতৃ-মাতৃ তথা অভিভাৱকৰ সন্তানৰ প্ৰতি অন্ধস্নেহ, সাম্প্রতিক সময়ৰ অস্থিৰ ৰাজনৈতিক, অর্থনৈতিক পৰিস্থিতিয়েও নৱ-প্ৰজন্মৰ কিশােৰ-কিশােৰীসকলক বিপথে পৰিচালিত হােৱাত প্রভূত পৰিমাণে ইন্ধন যোেগাইছে। জ্ঞান-স্পৃহা কমিছে। তাৰ বিপৰীতে ভােগ-লালসা, বিষয়বাসনা বাঢ়িছে। সমান্তৰালকৈ অপৰাধ প্ৰৱণতা বৃদ্ধ পাইছে জনসাধাৰণ নিৰাপত্তাহীনতাত ভুগিছে। যেন শান্তি-সম্প্রীতি বিনাশকাৰী এক অস্থিৰ বাতাবৰণ। এনে এক প্রতিকূল পৰিস্থিতিৰ মাজতাে সমাজৰ কিছুসংখ্যক যােগাত্মক দৃষ্টিভংগীৰ লােকে আৰু বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে সমাজখনক শুদ্ধপথ দেখুৱাবলৈ, বাট এৰি অবাটে যােৱা সকলক সঠিক পথৰ সন্ধন দিবলৈ অহৰহ প্রচেষ্টা চলাই আছে।

মানৱতাক সকলােৰে উৰ্ধত ৰাখি সেইসময়ৰ সমাজনীতিৰ আমূল সংস্কাৰ কৰিবলৈ আৰম্ভ কৰা বৈষ্ণব আন্দোলনৰ হােতা তথা অসমীয়া সাহিত্য-সংস্কৃতিৰ ভড়াল টনকিয়াল কৰি থৈ যােৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সত্ৰনগৰীৰপেটাই অসমীয়া জাতীয় জীৱনত এক সুকীয়া ঐতিহ্য বহণ কৰি আহিছে। শিক্ষা-সাহিত্য-সংস্কৃতিৰ বিশাল ক্ষেত্ৰখনত জিলা সদৰ হিচাপে বৰপেটা শিক্ষা বিপ্লৱৰ ক্ষেত্ৰত বজালী মহকুমাতকৈ বহুত পিছপৰি আছে। মানৱীয় প্রমূল্যবােধৰ ভেটিত আমাৰ নৱ-প্ৰজন্মৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত গুণগত শিক্ষাৰ মানদণ্ড উন্নীত কৰাৰ কল্পে বৰপেটাত চৰকাৰী আৰু ব্যক্তিগত দুয়ােটা খণ্ডৰে যৌথ প্রচেষ্টাৰ অতিকৈ প্রয়ােজন হৈ পৰিছে। ব্যক্তিগত খণ্ডত কিছুসংখ্যক শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে যদিও জিলা সদৰ হিচাপে ছাত্র সমাজ তথা অভিভাৱক সমাজৰ প্রত্যাশা পূৰণ কৰিবলৈ সক্ষম হৈছে বুলি ক’ব নােৱাৰি। এই ক্ষেত্ৰত আৰু অধিক শিক্ষানুষ্ঠান গঢ় লৈ উঠাৰ প্রয়ােজনীয়তা আছে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰু আমাৰ দেশৰ সংবিধান প্রণেতা ড° ভীমৰাও আম্বেদকাৰ দেৱৰ আদৰ্শৰে অনুপ্রাণিত হৈ বৃহত্তৰ বৰপেটাৰ সমাজ জীৱনত নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ গঢ় লৈ উঠিছে Destiny Welfare Society, Barpetaনামৰ এটি স্বেচ্ছা সেৱীসংস্থা—যাৰ মুখ্য উদ্দেশ্য হৈছে গুণগত শিক্ষাৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰা। এই উদ্দেশ্যকে ফলৱতী কৰিবলৈ নৱপ্ৰজন্মৰ যুৱ সমাজক, বিশেষকৈ উচ্চতৰ মাধ্যমিক ভৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক, মানসিক আৰু চাৰিত্ৰিক দিশৰ উৎকর্ষ সাধনৰ পূৰ্ণ প্ৰয়াসৰ প্ৰতিশ্ৰুতিৰে গঢ়ি তােলা হৈছে আম্বেদকাৰ একাডেমি (এখন কণিষ্ঠ মহাবিদ্যালয়-কলা আৰুবাণিজ্য শাখা)। আম্বেদকাৰ একাডেমিৰ প্রতি গৰাকী শিক্ষার্থীয়ে যাতে এগৰাকী সুশিক্ষিত, সুস্থ মানসিকতা আৰু সবল ব্যক্তিত্বৰ অধিকাৰী হৈ মনীষী গৰাকীয়ে কোৱাৰ দৰে চোঁচৰাই বাট নুবুলি মেৰুদণ্ড পােন কৰি নিজৰ ঘৰখনৰ লগতে সমাজ, স্বজাতি তথা । স্বদেশৰ হকে গঠনমূলক অৱদানেৰে সময়বালিত পদচিহ্ন থৈ যাব পাৰে সেয়াই আমাৰ প্ৰধান লক্ষ্য।

জয়তু আম্বেদকাৰ একাডেমি, বৰপেটা